ক্রিপ্তো মার্কেট নিম্নগামী হোৱাৰ সময়ত ইলন মাস্কৰ টুইত আৰু বিটকইন - CryptoMonkey Duniya

moving image

Latest

Wednesday, May 19, 2021

ক্রিপ্তো মার্কেট নিম্নগামী হোৱাৰ সময়ত ইলন মাস্কৰ টুইত আৰু বিটকইন

৩০% তকৈ অধিক নিম্নগামী হোৱা স্বত্বেও টেছলাই ইয়াৰ বিটকইন হোল্ডিং বিক্ৰী নকৰিব বুলি টুইট কৰাৰ পিছত ইলন মাস্কে পুনৰ ক্ৰিপ্টো বজাৰ উদ্ধাৰৰ বাবে  টুইট কৰা দেখা গৈছে।

 


টুইটটোত তেওঁ কয় যে টেছলাই সোনকালেই ইয়াৰ বিটকইন হোল্ডিং বিক্ৰী নকৰে। ইয়াৰ প্ৰত্যাশিত প্ৰভাৱ আছিল ধনাত্মক। বিটকইন, যি তেওঁৰ টুইটৰ ঠিক আগতে দ্রুতভাৱে নিম্নগামী হ’বলৈ আৰম্ভ কৰিছিল, টুইটটো পোষ্ট কৰাৰ পিছত ইয়াৰ ৰিবাউন্স ত্বৰান্বিত কৰিছিল, প্ৰায় ৯% বৃদ্ধি পাইছিল।

 

টেছলাই ইয়াৰ নগদ বেলেন্সত বৈচিত্ৰতা আনিবলৈ ফেব্ৰুৱাৰীত ১.৫  বিলিয়ন লাৰ মূল্যৰ বিটকইন ক্ৰয় কৰিছিল, আৰু  এই ক্ৰয়ে সমগ্ৰ ক্ৰিপ্টো বজাৰখন উচ্চৰ পৰা উচ্চতালৈ প্ৰেৰণ কৰিছিল। সেই সময়ত, টেছলাই লগতে কৈছিল যে ই বিটকইনক ইয়াৰ বাহনৰ বাবে পৰিশোধ হিচাপে গ্ৰহণ কৰা আৰম্ভ কৰিব। যোৱা সপ্তাহত, ঠিক তিনি মাহ পিছত, মাস্কে বিটকইন গ্রাহক সকলক হতবাক কৰি  পথ সলনি কৰিছিল আৰু কৈছিল যে পৰিৱেশৰ উদ্বেগৰ বাবে টেছলাই আৰু বিটকইন গ্ৰহণ নকৰিব। এইটোৱে লগে লগে বিটকইনৰ মূল্য নিম্নলৈ পঠিয়াইছিল যিটো এতিয়াও বন্ধ হোৱা নাই।

দেওবাৰে আন এটা টুইটত কোনোবাই ভৱিষ্যতবাণী কৰিছিল যে টেছলাই ক্ৰিপ্টো বজাৰবোৰ আৰু অধিক ভয়াৱহ কৰি তুলিব। কিন্তু  এলন মাস্কৰ টুইটৰ পিছত এতিয়া এনেকুৱা লাগিছে যেন টেছলাইহে বিটকইনক ধৰি ৰাখিব।

 

টেছলাৰ প্ৰতিবেদনে প্ৰকাশ কৰিছিল যে টেছলাই মাৰ্চৰ শেষৰ ফালে ২৭২ নিযুত লাৰ মূল্যৰ বিটিচি বিক্ৰী কৰিছিল, কিন্তু মাস্ক আৰু টেছলাৰ চি এফ অ'য়ে দাবী কৰিছিল যে এই পদক্ষেপটো বিটকইনৰ  লিকিউডিটি পৰীক্ষাহে আছিল।

No comments:

Post a Comment

Post Top Ad