NETFLIXৰ জো এক্সোটিকে TIGER KING (TKING) ক্ৰিপ্টোকাৰেন্সী মুকলি কৰে - CryptoMonkey Duniya

moving image

Latest

Saturday, May 29, 2021

NETFLIXৰ জো এক্সোটিকে TIGER KING (TKING) ক্ৰিপ্টোকাৰেন্সী মুকলি কৰে

জো এক্সোটিকে তেওঁৰ ক্ৰিপ্টোকাৰেন্সী TKING মুকলি কৰিছে আৰু জেলৰ পৰা ওলাই আহিবলৈ প্রয়োজন হোৱা আইনী মাচুল লাভ কৰিবলৈ সোনকালেই এনএফটি বিক্ৰী কৰিব।

 

তেওঁৰ প্রতিদন্দী কেৰোল বাস্কিনে ইতিমধ্যে আন এটা ক্ৰিপ্টোকাৰেন্সী, CAT কইন মুকলি কৰিছিল।

 


২০২০ চনত, নেটফ্লিক্সৰ টাইগাৰ কিংয়ে বিশ্বক জো এক্সোটিকৰ সৈতে পৰিচয় কৰাই দিয়েস্থানীয় পশু অধিকাৰ কৰ্মী কেৰোল বাস্কিনৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দিতা আছিল।

 

তেওঁ বেস্কিনক হত্যা কৰিবৰ  বাবে এজন ঠিকা হত্যাকাৰীক নিযুক্তি দিছিল ( য’ত তেওঁ বিফল হৈছিল)। ইয়াৰ বাবে তেওঁ ২২ বছৰ কাৰাদণ্ডৰ সন্মুখীন হৈছিল। ওকলাহোমাত  চিৰিয়াখানাত এটা বাঘ হত্যা কৰালগতে ১৭ টা ফেডাৰেল বন্যপ্ৰাণী আইন উলংঘনৰ বাবে তেওঁ জেলৰ বাহিৰলৈ ওলাই অহা যথেষ্ট কঠিন হৈছিল। ন্যায়ালয়ৰ সকলো পথ প্রায় বন্ধ হৈ যোৱাৰ পিছত তেওঁ বন্য জন্তুবোৰক বচোৱাৰ চেষ্টা কৰি জেলৰ পৰা বাহিৰ হ’বলৈ তেওঁ চেষ্টা কৰিছে । ইয়াৰ বাবে তেওঁ ক্ৰিপ্টো বজাৰৰ সহায় লৈছে। এই মাহৰ আৰম্ভণিতে মুকলি কৰা TKING কইনৰ প্ৰায় ২০০,০০০ ডলাৰ, প্ৰতিদিনে Uniswap আৰু 1Inch ত ব্যৱসায় হৈছে

 

সমান্তৰালভাৱে  তেওঁৰ উকীলসকলক মাছুল দিবলৈ আৰু অধিক বাঘ উদ্ধাৰ কৰিবলৈ এন.এফ.টি. আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে যাতে অধিক  উপাৰ্জন  কৰিব পাৰে

 

ইয়াৰ পৰিৱৰ্তে, বেস্কিনে তেওঁৰ নিজৰ টোকেন, CAT প্ৰস্তুত কৰিছে, এক ইথেৰিয়াম-আধাৰিত সামাজিক টোকেন নেটৱৰ্কত ব্যৱসায় কৰে।

 

আন বহুতো মেম কইনৰ দৰে, TKING হৈছে এক ডিফ্লেশ্বনেৰী টোকেন। প্ৰতিটো Transactionত এই কইন ২% কৈ Burn হয়

যদিও কইনটোৰ Developers সকলে কৈছিল যে তেওঁলোকে TKING কইনৰ মুঠ ট্ৰিলিয়ন টোকেনৰ Supply ৩৫% জ্বলাই দিছিল, তেওঁলোকে প্ৰকৃততে ইয়াক ইথেৰিয়ামৰ সহ-প্ৰতিষ্ঠাপক ভিটালিক বুটেৰিনৰ ৱালেটলৈ প্ৰেৰণ কৰিছিল – যিটো প্রায়সংখ্যক মেম কইনৰ developers সকলে কৰে।  বুটেৰিনে developers সকলক পিছত এইটো নকৰিবলৈ কৈছিল

 

TKING আৰু CAT দুয়োটাই আৰম্ভণিৰ পৰা যথেষ্ট সমতল হৈ আছে। আমি বিনিয়োগকাৰী হিচাপে আশা কৰিম, বাস্কিন আৰু এক্সোটিকৰ মাজৰ বিবাদ অব্যাহত থাকক।

No comments:

Post a Comment

Post Top Ad