ক্লাউড প্ৰদানকাৰীয়ে চিয়া মাইনিং কৰ্মীৰ সংখ্যা বৃদ্ধিৰ পিছত ক্ৰিপ্টো খনন নিষিদ্ধ কৰে - CryptoMonkey Duniya

moving image

Latest

Thursday, May 20, 2021

ক্লাউড প্ৰদানকাৰীয়ে চিয়া মাইনিং কৰ্মীৰ সংখ্যা বৃদ্ধিৰ পিছত ক্ৰিপ্টো খনন নিষিদ্ধ কৰে

ক্লাউড হোষ্টিং ফাৰ্ম হেটজনাৰ কয় যে এক চিয়া মাইনিংৰ বাবে যি হার্ড ড্রাইভ ব্যৱহাৰ কৰা হয়,  তাত ক্ষতিগ্ৰস্ত কৰিব পাৰে।

মুখ্য জাৰ্মান ক্লাউড হোষ্টিং প্ৰদানকাৰী হেটজনাৰে শেহতীয়াকৈ চিয়া মাইনিং মুকলি কৰাৰ পিছত ব্যৱহাৰকাৰীসকলক ইয়াৰ চাৰ্ভাৰত ক্ৰিপ্টো মাইনিংত কৰাত বাধা দিছে। চিয়া হৈছে এক নতুন টোকেন যি নতুন ব্লক প্ৰস্তুত কৰিবলৈ ষ্টোৰেজ স্থান ব্যৱহাৰ কৰে।

 


"হয়, এইটো সঁচা, আমি চৰ্তাৱলী আৰু নিয়মাৱলী সম্প্ৰসাৰিত কৰিছো আৰু ক্ৰিপ্টো মাইনিং নিষিদ্ধ কৰিছো। আমি আমাৰ ডাঙৰ হাৰ্ড ড্ৰাইভ চাৰ্ভাৰৰ বাবে বহুতো অৰ্ডাৰ পাইছো। ইয়াৰ বাবে, অৱশ্যে, ডাঙৰ ষ্টোৰেজ বক্স (ষ্টোৰেজ চাৰ্ভাৰ) ক্ৰমান্বয়ে ভাড়াত লোৱা হৈছে," কোম্পানীটোৱে কালি টুইট কৰিছিল।

 

প্ৰতিষ্ঠানটোৱে ব্যাখ্যা কৰিছিল যে মে মাহৰ আৰম্ভণিতে চিয়া মুকলি হোৱাৰ পিছত  ষ্টোৰেজ চাৰ্ভাৰৰ বাবে ব্যৱহাৰকাৰীৰ চাহিদা বৃদ্ধি পাইছে, যাক ষ্টোৰেজ বক্স বুলি কোৱা হয়। বেণ্ডৱিথৰ বোজা বৃদ্ধি হোৱাৰ উপৰিও, হেটজনাৰ চিন্তিত যে মাইনিংৰ বাবে ইয়াৰ ষ্টোৰেজ ড্ৰাইভৰ নিৰন্তৰ ব্যৱহাৰৰ ড্রাইভ বিকল হ'ব পাৰে।

 

ইয়াৰ বাবে, আপডেট কৰা সেৱা চুক্তিত এতিয়া কোৱা হৈছে যে "আমাৰ গ্ৰাহকসকলৰ বাবে এক উচ্চ-প্ৰদৰ্শনকাৰী আৰু নিৰ্ভৰযোগ্য নেটৱৰ্ক পৰিচালনা কৰাৰ বাবে, ক্ৰিপ্টোকাৰেন্সী মাইনিংৰ  বাবে এপ্লিকেচন বোৰ ৰখাটো নিষিদ্ধ।"

 

বিটটৰেণ্টৰ প্ৰতিষ্ঠাপক ব্ৰাম কোহেনে চিয়া সৃষ্টি কৰিছিল। গণনামূলক আৰু শক্তি-নিবিড় Proof of Work ব্লকচেইনৰ বিপৰীতে - যেনে বিটকইন বা ইথেৰিয়াম- চিয়া "মাইনাৰসকলে" চিয়া মাইনিং  কৰিবলৈ Space ব্যৱহাৰ কৰে।

 

চিয়াই এক তথাকথিত “Proof of Space and Time” এলগৰিথম ব্যৱহাৰ কৰে আৰু দ্ৰুত লিখন গতিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। সেয়েহে, ব্যৱহাৰকাৰীসকলক অব্যৱহৃত স্থান "Seed" কৰিবলৈ আদৰ্শভাৱে Hard Drive  (এছ.এছ.ডি.)ৰ প্ৰয়োজন হ'ব আৰু তাৰ পিছত লেহেম, কিন্তু ডাঙৰ হাৰ্ড ডিস্ক ড্ৰাইভত (এইচ.ডি.ডি.) টোকেনবোৰ "ফাৰ্ম" কৰিব লাগিব।

 

চিয়া "মাইনাৰ সকলে" দক্ষিণ-পূব এছিয়াত হাৰ্ড ড্ৰাইভৰ অভাৱ সৃষ্টি কৰিছিল যিহেতু তেওঁলোকে ইয়াৰ আৰম্ভণিৰ আগতে উপযুক্ত হাৰ্ডৱেৰ স্নেপ আপ কৰিবলৈ দৌৰিছিল

 

যদিও চিয়া খনন প্ৰণালীত উচ্চ গতিৰ এছ.এছ.ডি. আৰু ধীৰ এইচ.ডি.ডি. দুয়োটা অন্তৰ্ভুক্ত থাকিব পাৰে, কিছুমান শেহতীয়া প্ৰতিবেদনে পৰামৰ্শ দিছে যে নিৰন্তৰ আৰু বিস্তৃত লিখন বোজাৰ ফলত দুইৰ পৰা তিনি মাহৰ ভিতৰত ড্ৰাইভ বোৰ বেয়া হৈ যাব পাৰে। কিছুমানে মাত্ৰ কেইসপ্তাহমানৰ বাবে Peg ভাঙি যাব পাৰে।

 

এছ.এছ.ডি.বোৰ, সীমিত জীৱনকালৰ বাবে জনাজাত কিয়নো সেইবোৰ কেৱল এক নিৰ্দিষ্ট সংখ্যক write cycleৰ বাবে হে নিৰ্মাণ কৰা হৈছে। "স্বাভাৱিক" পৰিস্থিতিত, এইটো কমেও কেইবা বছৰ হ'ব পাৰে, কিন্তু অত্যাধিক বোজাৰ লত  এইবিলাকৰ আয়ুস যথেষ্ট কম হয়।

 

তথাপিও, কোহেনে নিজেই অলপতে যুক্তি দিছিল যে "চিয়াই হাৰ্ড ড্ৰাইভ জ্বলাই দিয়ে " বৰ্ণনাটো "ফেশ্বনেবল FUD"ৰ বাহিৰে আন একো নহয়।

 

"যদি আপুনি এটা সাধাৰণ পুৰণি এইচডি বা এণ্টাৰপ্ৰাইজ-শ্ৰেণীৰ এছ.এছ.ডি.-ৰ সৈতে প্লট কৰে, তেনেহ'লে আপোনাৰ ড্ৰাইভ কোনো সমস্যাৰ পৰা বাচি নাথাকিব। কোহেনে কয়।

কোহেনে তথাপিও সাধাৰণ ৰাইজক চিয়া মাইনিংৰ বাবে Consumer Grade এছ.এছ.ডি. ব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰি দিছে।

 

" Consumer Grade এছ.এছ.ডি.-ৰ সৈতে প্লট নকৰিব বা কমেও, প্ৰতিজন Consumer Grade এছ.এছ.ডি.-ৰ সৈতে কেৱল অলপ প্লটিং কৰক," তেওঁ কয়।

No comments:

Post a Comment

Post Top Ad