বিশ্বৰ দবা প্রতিযোগিতা আৰু বিটকইন - CryptoMonkey Duniya

moving image

Latest

Sunday, May 23, 2021

বিশ্বৰ দবা প্রতিযোগিতা আৰু বিটকইন

বিশ্বৰ দবা চেম্পিয়নসকলে FTX ক্ৰিপ্টো কাপত বিটকইনৰ বাবে প্ৰতিযোগিতা কৰিব।
নদিনীয়া দবা টুৰ্ণামেণ্টত ২.১৮  বিটকইন পুৰস্কাৰ আছে।

 

বিশ্বৰ শীৰ্ষ দবা খেলুৱৈসকলে আজিৰ মূল্যত ২.১৮ বিটকইন- ৮৩,৮৪০ ডলাৰ জিকিবলৈ প্ৰতিদ্বন্দিতা কৰিব

 


কাইলৈ, নদিনীয়া FTX ক্ৰিপ্টো কাপৰ প্ৰথমখন খেলত, মেগনাস কাৰ্লছেনে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দী ইয়ান নেপোমনিয়াচ্চ্চ্চিৰ বিৰুদ্ধে তেওঁৰ বিশ্ব চেম্পিয়ন খিতাপৰ বাবে প্রতিযোগিতাত নামিব। কাৰ্লছেনে বিশ্বৰ ১৫ জন শ্ৰেষ্ঠ দবা খেলুৱৈৰ মুখামুখি হ'ব।

 

FTX কাপ হৈছে মেল্টৱাটাৰ চেম্পিয়নচেছ টুৰ ২০২১-ৰ অংশ, যি নৱেম্বৰ ২০২০ ত আৰম্ভ হৈছিল আৰু ১০মাহ ধৰি চলি। মুঠ ১.৫ নিযুত লাৰৰ পুৰস্কাৰ  এই প্রতিযোগিতাত আছে।

 

FTX ৰ মুখ্য কাৰ্যবাহী বিষয়া ছেম বেংকমেন-ফ্ৰাইডে ৰয়টাৰক কয় যে "দবা খেলৰ সৈতে ক্ৰিপ্টোকাৰেন্সীৰ  যথেষ্ট মিল আছে, কিয়নো ক্ৰিপ্টো আৰু দবা দুয়োটাই যুৱ, প্ৰযুক্তি-অনুকূল , গণিত-প্ৰেমীসকলক আকৰ্ষিত কৰে।

 

 

FTX এ সোমবাৰে ২.১৮২৫ টা বিটকইন ক্ৰয় কৰিছিল, যাৰ মূল্য সেই সময়ত প্ৰায় ১০০,০০০ ডলাৰ আছিল। ইয়াৰ মূল্য বৰ্তমান ৮৩,৫৪০ ডলাৰ, আৰু কাপৰ শেষলৈ সলনি হ'ব পাৰে।

 

এই প্রতিযোগিতাত লগতে ২২০,০০০ ডলাৰ নগদ পুৰস্কাৰ আছে

FTX ক্ৰিপ্টো কাপ অনলাইন, লগতে টিভি চেনেল টিভিআৰু ইউৰো স্পোৰ্টত সম্প্ৰচাৰ কৰা হ'ব।

ইতিমধ্যে ১৮ মে', 
Chess.com ঘোষণা কৰে যে ক্ৰিপ্টো এক্সচেঞ্জ কইনবেচে ইয়াৰ নিজা দবা প্ৰতিযোগিতাৰ পৃষ্ঠপোষকতা কৰিছে। নিশ্চিত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে বিটকইন Hype Man এন্থনি পম্পলিয়ানো, চিভিক আৰু চিলিকনকেপৰ প্ৰতিষ্ঠাপক ভিনি লিংহাম, আৰু প্ৰাক্তন ৰেপাৰ আৰু ক্ৰিপ্টো বিনিয়োগকাৰী লজিক।

No comments:

Post a Comment

Post Top Ad